বিজেপিয়ে সলনি কৰিলে কেইবাখনো ৰাজ্যৰ সভপতি । তেলেংগানা, পাঞ্জাৱ আৰু ঝাৰখণ্ডৰ ৰাজ্যিক সভাপতি সলনি কৰে বিজেপিয়ে । কেন্দ্ৰীয় মন্ত্ৰী জি কিষান ৰেড্ডীক অৰ্পন কৰে তেলেংগানাৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব । ডি, পুৰেন্দশ্বৰীক অৰ্পন কৰে অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব । ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডীক অৰ্পন কৰে ঝাৰখণ্ডৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব । সুনীল ঝাখড়ক অৰ্পন কৰা হৈছে পাঞ্জাৱৰ সভাপতিৰ দায়িত্ব । ২০২৪ ৰ লোকসভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ বিজেপিয়ে এই কেইখন ৰাজ্যত সলনি কৰিছে ৰাজ্যিক সভাপতি ।
উল্লেখযোগ্য যে , বাবুলাল মাৰাণ্ডী ঝাৰখণ্ড বিজেপিৰ এগৰাকী শক্তিশালী নেতা। ৰাজ্যখনৰ প্রথম গৰাকী মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডী । ২০১৯ চনৰ পাছত বাবুলাল মাৰাণ্ডীৰ দলটো ভাৰতীয় জনতা পাৰ্টিত চামিল হৈছিল। উল্লেখযোগ্য যে বৰ্তমান ঝাৰখণ্ডৰ ১৪ খন লোকসভা আসনৰ ১২ খন এন ডি এ মিত্রজোটৰ ।
কংগ্ৰেছ এৰি বিজেপিলৈ অহা কংগ্ৰেছৰ নেতা ঝাখড়। ইয়াৰ পূৰ্বে সুনীল ঝাখড়ক বিজেপিয়ে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্যৰ দায়িত্ব অৰ্পন কৰিছিল ।
টি ডি পি ৰ প্ৰতিষ্ঠাপক এন, টি, ৰামাৰাওৰ কন্যা ডি পুৰন্দেশ্বৰীয় অন্ধ্ৰপ্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লাভ কৰাৰ পূৰ্বে অন্ধ্ৰ বিজেপি দলৰ সাধাৰণ সম্পাদিকাৰ দায়িত্ব লাভ কৰিছিল ।
শেহতীয়াকৈ বি আৰ এছ চৰকাৰৰ বিৰুদ্ধে বিজেপি সৰৱ হৈ পৰাৰ সময়তে তেলেংগানা বিজেপিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে মোডী চৰকাৰৰ মন্ত্ৰী জি কিষান ৰেড্ডীক ।