ISHAN NEWS – Always One Step Ahead of Time…

জোনাইত আৱৰ্জনা প্লাষ্টিকেৰে ভৰি পৰিছে বিভিন্ন ঠাই। ISHAN NEWS…

জোনাইৰ চৰকাৰী কাৰ্যালয়, একাংশ ব্যৱসায়ীক প্ৰতিষ্ঠান তথা শিশু উদ্যানৰ সন্মুখ প্লাষ্টিক জাতীয় সামগ্ৰীৰে ভৰি পৰিছে। কিছু লোকৰ প্লাষ্টিক জাতীয় সামগ্ৰী যধে-মধে পেলোৱাৰ ফলত সুস্থ পৰিৱেশ বিনষ্ট কৰাৰ গুৰুতৰ অভিযোগ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ

২০২৩ বৰ্ষৰ আটাইতকৈ ভোকাতুৰ লোকজন! অৰ্ডাৰ কৰি খালে ৪২.৩ লাখ টকাৰ খাদ্য

২০২৩ বৰ্ষত ভাৰতীয়সকলে সর্বাধিক কি খাদ্য ভক্ষণ কৰিলে জানেনে? অনলাইনযোগে খাদ্য যোগান ধৰা সংস্থা ছুইগীৰ তথ্য অনুসৰি ২০২৩ বৰ্ষত অনলাইনযোগে সৰ্বাধিক অৰ্ডাৰ হৈছিল চিকেন বিৰয়ানী। ছুইগীয়ে অলপতে প্রকাশ কৰা এখন তালিকাৰ শীৰ্ষত আছে চিকেন

ইজৰাইলত ওলাইছে চাকৰি, দৰমহা প্ৰতিমাহে এক লাখ টকা 

ইজৰাইল আৰু পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছৰ মাজত প্ৰায় দুমাহ ধৰি চলা যুদ্ধই জোকাৰি গৈছে পশ্চিম এছিয়াক। এই যুদ্ধই ইজৰাইলত নতুন সংকটৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ কৰ্মচাৰীৰ অভাৱত জুৰুলা হৈছে যুদ্ধৰ ক’লা ধোঁৱাই ধুৱলি কুঁৱলী কৰি ৰখা

সাগৰত বাণিজ্যিক জাহাজ হাইজেক! উদ্ধাৰৰ বাবে ৰাওনা ভাৰতীয় নৌসেনা! ishan news

আৰৱ সাগৰত হাইজেক মাল্টাৰ বাণিজ্যিক জাহাজ! সন্ধানহীন জাহাজখন উদ্ধাৰ কৰিবলৈ ইতিমধ্যে ৰাওনা হৈছে ভাৰতীয় নৌসেনা। যোৱা ১৪ ডিচেম্বৰত ভাৰতীয় নৌসেনাই লাভ কৰিছিল সতৰ্কবাণী। লগে লগে ভাৰতীয় নৌসেনাই যুদ্ধজাহাজ এমভি ৰুৱেনক সহায় কৰিবলৈ নিৰ্দেশ দিয়ে।

শিহৰণকাৰী দুৰ্ঘটনা; বিয়া খাই উভতাৰ পথত ট্ৰাকৰ খুন্দাত মৃত্যু ৬জন লোকৰ

মহাৰাষ্ট্ৰৰ নাগপুৰ চহৰৰ সমীপৱৰ্তী এক অঞ্চলত আজি পুৱতি নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৬ জনকৈ লোকে কৰুণ মৃত্যুক সাৱটি লোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয়। এখন ট্ৰাক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি

আৰক্ষীৰ জেৰাত কি ক’লে সংসদ ভৱনত আতংক সৃষ্টি কৰা ঘটনাৰ অভিযুক্তই

সংসদৰ নিৰাপত্তা ব্যৱস্থাত থকা ত্ৰুটিয়ে জোকাৰি গৈছে সমগ্ৰ দেশ। এই ঘটনাৰ লগত জৰিত আটাইকেইজন অভিযুক্তকে দিল্লী আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে গ্ৰেপ্তাৰ কৰিছে।দিল্লী আৰক্ষীয়ে চলোৱা জেৰাৰ সময়ত চাৰি অভিযুক্তই প্ৰতিদিনে ন ন তথ্য সদৰী কৰিছে

১০ কোটি টকাৰ গুটখা-সুৰাৰ বিজ্ঞাপন নাকচ কৰিলে আল্লু অৰ্জুনে। ishan news…

১০ কোটি টকাৰ গুটখা-সুৰাৰ বিজ্ঞাপন নাকচ কৰিলে দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে। আহিবলগীয়া নতুন ছবি 'পুষ্পা ২: দ্য ৰুল'ৰ বাবে চৰ্চা থকা আল্লু অৰ্জুন শেহতীয়াকৈ বিশেষ এক কাৰ্যৰ বাবে দখল কৰিছে সংবাদ শিৰোনাম। অভিনেতাগৰাকীয়ে পুষ্পা-২ত

ভাৰতীয় দলত মোক্ষম আঘাত; টেষ্ট শৃংখলাৰ পৰা বাহিৰ মহম্মদ ছামী

ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ শৃংখলাৰ বাবে বৰ্তমান দক্ষিণ আফ্ৰিকা ভ্ৰমণত আছে ভাৰতীয় দল। ইতিমধ্যেই দুয়োখন দেশৰ মাজত তিনিখন মেচৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলা ১-১ ত সমাপ্ত হৈছে। এই শৃংখলাৰ পিছত দুয়োখন দেশৰ মাজত হ’ব তিনিখন মেচৰ এদিনীয়া শৃংখলা।

‘মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰাৰ নিয়ম ইছলামত নাই’ আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে মন্তব্য…

‘মন্দিৰ ভাঙি নিৰ্মাণ কৰা হোৱা নাছিল মছজিদ, মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰাৰ নিয়ম ইছলামত নাই’। মথুৰাৰ শ্বাহী ঈদগাহত ছাৰ্ভেক লৈ এইবাৰ মুখ খুলিলে জামিয়াল উলেমা-ই-হিন্দৰ মুৰব্বী মৌলানা আৰ্শাদ মাদানীয়ে। এলাহাবাদ উচ্চ ন্যায়ালয়ে মথুৰাৰ শ্বাহী

ইজৰাইল আৰু আমেৰিকাৰ সম্পৰ্কত ফাঁট! যুদ্ধ বন্ধ কৰিবলৈ আমেৰিকাই দিয়া প্ৰস্তাৱ নামানিলে ইজৰাইলে ।…

যুদ্ধ চলি থকাৰ মাজতে ইজৰাইল আৰু আমেৰিকাৰ সম্পৰ্কত ফাঁট! এটা প্ৰস্তাৱক কেন্দ্ৰ কৰি আমেৰিকা আৰু ইজৰাইলৰ মাজত আৰম্ভ হৈছে মতবিৰোধ। আমেৰিকাই এটি প্ৰস্তাৱৰ জৰিয়তে অতি শীঘ্ৰেই গাজাৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ পৰামৰ্শ দিছিল ইজৰাইলক। আমেৰিকাৰ এই