ISHAN NEWS – Always One Step Ahead of Time…

পথৰ পৰা ৩০০ ফুট তলত বাগৰিল বাহন; ১০ গৰাকী যাত্ৰীৰ মৃত্যু

শুকুৰবাৰে পুৱা জম্মু-শ্ৰীনগৰ ঘাইপথত ৰামবন অঞ্চলৰ বেটাৰী চাছমাৰ সমীপত এখন যাত্ৰীবাহী বাহন দুৰ্ঘটনাত পতিত হোৱাত ১০ গৰাকী যাত্ৰীৰ মৃত্যু হয়। বিষয়াসকলে জনোৱা মতে, পুৱা শ্ৰীনগৰৰ পৰা জম্মু অভিমুখে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত

আই পি এলত আন এক অভিলেখ গঢ়িবলৈ সাজু বিৰাট কোহলী

আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হ’ব আই পি এলৰ চলিত সংস্কৰণৰ দহ নম্বৰ মেচ। বেংলাগলুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত হ’বলগীয়া এই মেচখনত ইতিহাস ৰচাৰ সুযোগ পাব ৰান মেচিন বিৰাট কোহলীয়ে। ৩৫ বছৰীয়া

ছিৰিয়াত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ; ৩৮ গৰাকী লোকৰ মৃত্যু, কেইবাজনো আহত

ছিৰিয়াত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে ইজৰাইল সেনাই। শুকুৰবাৰে পুৱা আলেপ্পোৰ উত্তৰ প্ৰান্তৰ উছেক চহৰৰ সমীপত ইজৰাইলে চলোৱা বিমান আক্ৰমণত ৩৮ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয় বুলি জনাই ছিৰিয়াই। নিহতসকলৰ ভিতৰত হিজবুল্লাহৰ পাঁচজন

ৰিয়ানৰ দুৰ্দান্ত ইনিংছৰ পিছতেই পাঠানে কৰিলে ভবিষ্যদ্বাণী; ছ’চিয়েল মিডিয়াত ভাইৰেল প’ষ্ট

আই পি এলৰ চলিত সংস্কৰণত দুৰ্দান্ত প্ৰদৰ্শন ৰিয়ান পৰাগৰ। বৃহস্পতিবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন মেচত বিস্ফোৰক ইনিংছৰে ক্ৰিকেট অনুৰাগীৰ হৃদয় জিনিছে অসম সন্তান ৰিয়ান পৰাগে। মেচখনত ৰিয়ানে ৪৫ টা

কাৰাবন্দী মাফিয়া-ৰাজনীতিবিদ মুখতাৰ আনছাৰীৰ মৃত্যু; নিৰাপত্তা বৃদ্ধি কেইবাখনো জিলাত

১৯ বছৰৰো অধিক কাল বিভিন্ন জেইলত বন্দী হৈ থকা কুখ্যাত গেংষ্টাৰ তথা ৰাজনীতিবিদ মুখতাৰ আনছাৰীৰ বৃহস্পতিবাৰে নিশা মৃত্যু ঘটিছে। সূত্ৰৰ পৰা জানিব পৰা মতে, জেইলত হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ পিছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁৰ

ভয়ংকৰ দুৰ্ঘটনাত ৪৫ গৰাকী যাত্ৰীৰ মৃত্যু। সৌভাগ্যক্ৰমে মৃত্যুৰ পৰা বাছিল ৮ বছৰীয়া কণমানি।

ভয়ংকৰ দুৰ্ঘটনাত ৪৫ গৰাকী যাত্ৰীৰ মৃত্যু। সৌভাগ্যক্ৰমে মৃত্যুৰ পৰা বাছিল ৮ বছৰীয়া কণমানি। দক্ষিণ আফ্ৰিকাত শোকাৱহ বাছ দুৰ্ঘটনা। ইষ্টাৰ উৎসৱলৈ ভক্তসকলক কঢ়িয়াই নিয়া অৱস্থাতে দুৰ্ঘটনাত পতিত হয় বাছখন। স্থানীয় প্ৰশাসনৰ মতে,  বাছখন

৮ টা গোচৰ ৰুজু হৈ থকা অভিনেত্ৰী কংগনাক কিয় দিলে প্ৰাৰ্থিত্ব? উত্তৰ দিলে বিজেপিয়ে

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে হিমাচল প্ৰদেশৰ মাণ্ডী আসনৰ পৰা জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰনৌতক প্ৰক্ষেপ কৰিছে। কিন্তু অভিনেত্ৰী কংগনাৰ বিৰুদ্ধে কেইবাখনো থানাত গোচৰ ৰুজু হৈ থকাৰ পিছতো কিয় প্ৰাৰ্থিত্ব প্ৰদান কৰিলে তাক লৈ

টিকটৰ পৰা বঞ্চিত তিনিবাৰৰ সাংসদে নিজৰ লগত কৰিলে ভয়ংকৰ কাণ্ড

টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছত বহু নেতাই দল ত্যাগ কৰি আন দলত যোগদান কৰা পৰিলক্ষিত হয়। কিন্তু তামিলনাডুত টিকট বঞ্চিত এগৰাকী সাংসদে ল’লে চৰম সিদ্ধান্ত। পাঁচদিন ধৰি চিকিৎসাধীন হৈ থকা ডি এম কেৰ সাংসদ এ গণেশমূৰ্তিয়ে আজি পুৱা হাস্পতালত শেষ

১৪ বছৰীয়া বনবাসৰ অন্ত; একনাথ বাহিনীৰ শিৱসেনাত যোগদান অভিনেতা গোবিন্দাৰ

আজি বলিউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দাই যোগদান কৰে একনাথ সিন্দে বাহিনীৰ শিৱসেনা দলত। দলত যোগদান কৰিয়েই অভিনেতাগৰাকীয়ে একনাথ সিন্দেক ধন্যবাদ জ্ঞাপন কৰে। কৃপা আৰু প্ৰেৰণাৰে দলত যোগদান কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ২০০৯ চনত যেতিয়া মই

হাৰ নমনা ব্যক্তি! ২৩৮ বাৰ পৰাস্ত হোৱাৰ পিছতো পুনৰবাৰ নিৰ্বাচন খেলিবলৈ সাজু এইগৰাকী লোক

নিৰ্বাচনত ২৩৮ বাৰ পৰাস্ত হোৱাৰ পিছতো পুনৰ এবাৰ আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে এজন লোকে। জীৱনত হাৰ মানিব নোখোজা এই লোকজন হৈছে তামিলনাডুৰ পদ্মৰাজন। ৬৫ বছৰীয়া টায়াৰ মেৰামতিৰ দোকানৰ মালিক পদ্মৰাজনে