ISHAN NEWS – Always One Step Ahead of Time…

হুথি বিদ্ৰোহীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ আমেৰিকাসহ ৭ দেশৰ সেনাৰ

আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি সাতখন দেশৰ সেনাই য়েমেনত হুথি বিদ্ৰোহীৰ শিবিৰত বৃহৎ আক্ৰমণ চলায়। য়েমেনৰ ৰাজধানী ছানাত থকা হুথীৰ স্থানক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰে। হুথি বিদ্ৰোহীৰ বিৰুদ্ধে এই বৃহৎ পদক্ষেপত অংশগ্ৰহণ কৰা দেশসমূহে শনিবাৰে

টি-২০ ৰেংকিঙৰ শীৰ্ষ ২ নম্বৰত থকা বলাৰৰ ওপৰত নিষেধাজ্ঞা আই চি চিৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শ্ৰীলংকাৰ টি-২০ দলৰ অধিনায়ক ৱানিন্দু হাছাৰাংগাক দুখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। আফগানিস্তানৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাৰ তৃতীয়খন মেচৰ অন্তত তেওঁ আম্পায়াৰৰ সৈতে তৰ্কত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

আৱাসিক অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ১৫ জনৰ মৃত্যু, ৪৪ গৰাকী আহত

চীনৰ এটা অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৪ জন লোক আহত হোৱাৰ খবৰ আহিছে। এই অঞ্চলটোত এমাহ পূৰ্বে সংঘটিত একেধৰণৰ দুৰ্ঘটনাত ৩৯ জন লোকে প্ৰাণ হেৰুৱাইছিল। স্থানীয় প্ৰশাসনে শনিবাৰে জনোৱা মতে, পূব চীনৰ জিয়াংছু

লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্য সমূহলৈ নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

লোকসভা নিৰ্বাচনক লৈ দেশৰ প্ৰতিটো ৰাজনৈতিক দল সাজু হৈ উঠাৰ সময়তে দেশৰ নিৰ্বাচন আয়োগে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। চৰকাৰী বিষয়া-কৰ্মচাৰী সকলৰ বদলিক লৈ এই নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে জাৰি কৰা

গাংগুলী-গম্ভীৰৰ অভিলেখ ভংগ জয়ছোৱালৰ; ৰাঁচীত ৰচিলে ইতিহাস

ৰাঁচীত ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা চতুৰ্থখন টেষ্ট মেচৰ দ্বিতীয়দিনা এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ভাৰতীয় বেটাৰ যশস্বী জয়ছোৱালে। ভাৰতৰ প্ৰথম ইনিংছত অৰ্ধশতকীয় ইনিংছ খেলাৰ লগে লগে বিশেষ অভিলেখৰ গৰাকী হয় জয়ছোৱাল। যশস্বীয়ে প্ৰাক্তন

মৰ্মান্তিক ঘটনা; বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু মটৰ চাইকেলেৰে অহা দম্পতী

উজনি-নামনি সৰ্বত্ৰ হাতী-মানুহৰ সংঘাত প্ৰতিদিনেই ঘটি আছে। সম্প্ৰতি ৰাজ্যত এক জ্বলন্ত সমস্যাত পৰিণত হৈছে এই সংঘাত। হাতীৰ আক্ৰমণ ঘটা অঞ্চলসমূহত প্ৰতিনিয়ত শংকাত কটাব লগা হৈছে আবাল-বৃদ্ধা-বনিতা। শেহতীয়াকৈ গোৱালপাৰাৰ পৰা আহিছে এক মৰ্মান্তিক

গংগা স্নান কৰিবলৈ যোৱা ট্ৰেক্টৰ বাগৰিল পুখুৰীত; ৭ শিশুসহ ২০ গৰাকীৰ মৃত্যু 

উত্তৰ প্ৰদেশৰ কাছগঞ্জত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। গংগা স্নানৰ বাবে গৈ থকা ভক্তৰে ভৰা এখন ট্ৰেক্টৰ পুখুৰীত বাগিৰ পৰাৰ ফলত ৭ টা শিশুসহ মুঠ ২০ জন লোকৰ মৃত্যু হয়। অৱশ্যে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। জানিব পৰা

বিশ্ববিদ্যালয়ৰ ভিতৰত বোমা বিস্ফোৰণ; মৃত্যুক সাৱটিলে ছাত্ৰই

বিগত এবছৰ ধৰি অস্থিৰ হৈ থকা মণিপুৰত পুনৰ সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা। ইম্ফলৰ ধনমঞ্জৰি বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত থকা সদৌ মণিপুৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ বোমা বিস্ফোৰণ। শুকুৰবাৰে নিশা প্ৰায় ৯.২৫ বজাত কোনো অচিনাক্ত

বেলতলাত ভয়ংকৰ অগ্নিকাণ্ড; চাৰিচকীয়া বাহনৰ লগতে বহু সামগ্ৰী ভষ্মীভূত

গুৱাহাটীৰ বেলতলাৰ অশোক পথত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। অশোক পথৰ কল্যাণ ভাগৱতী নামৰ এজন লোকৰ বাসগৃহত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ আহিছে। অগ্নিকাণ্ডত এখন ৱেগনাৰ গাড়ীৰ লগতে এটা চিলিণ্ডাৰ আৰু বহু সামগ্ৰী জুইত জাহ যায়৷ ভাগৱতীৰ

কঠোৰ শাস্তিৰ সন্মুখীন হ’ব শ্ৰেয়াছ আয়াৰ আৰু ঈশাণ কিষাণ!

কঠোৰ শাস্তিৰ সন্মুখীন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ বেটাৰ শ্ৰেয়াছ আয়াৰ আৰু ঈশাণ কিষাণ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি থকা দুয়োগৰাকী খেলুৱৈয়ে বি চি চি আইৰ নিৰ্দেশ অমান্য কৰাৰ অভিযোগ উত্থাপন হৈছে। ২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ