ISHAN NEWS – Always One Step Ahead of Time…

টেষ্ট ক্ৰিকেটত বিশেষ কৃতিত্ব গঢ়িলে অশ্বিনে; কুম্বলে আৰু শ্বেন ৱাৰ্নৰ অভিলেখ ভংগ

ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্টৰ দ্বিতীয় দিনা ভাৰতীয় অফস্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে এক বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে। টেষ্ট ক্ৰিকেটত অশ্বিনে সম্পূৰ্ণ কৰিলে ৫০০ উইকেট। টেষ্ট ক্ৰিকেটত ৫০০ উইকেট দখল কৰা

চিকিৎসালয়ত ভৰ্তি প্ৰিয়ংকা গান্ধী; অংশ ল’ব নোৱাৰিব ভাৰত জোড়ো ন্যায় যাত্ৰাত । ishan news

অসুস্থতাৰ বাবে ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। স্বাস্থ্যৰ উন্নতি হোৱাৰ পিছতহে তেওঁ এই যাত্ৰাত অংশ ল’ব বুলি জনাইছে। প্ৰিয়ংকা গান্ধীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, ‘ভাৰত

‘কৃষকসকল অন্নদাতা, অপৰাধী নহয়’- মধুৰা স্বামীনাথন

কৃষি বিজ্ঞানী প্ৰয়াত এম এছ স্বামীনাথনৰ কন্যা মধুৰা স্বামীনাথনে কৃষকক অপৰাধী বুলি গণ্য কৰিব নোৱাৰি বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। মঙলবাৰে ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান পূছাৰ উদ্যোগত পিতৃক ভাৰতৰত্ন প্ৰদানৰ স্মৃতিত অনুস্থিত এক অনুস্থানত

বিমান বন্দৰত নাপালে হুইল চেয়াৰ; ১.৫ কিলোমিটাৰ খোজকঢ়াৰ পিছত মৃত্যু ৮০ বছৰীয়া বৃদ্ধৰ

মুম্বাই বিমান বন্দৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। হুইল চেয়াৰৰ অভাৱৰ বাবেই এয়াৰ ইণ্ডিয়া বিমানত অহা এগৰাকী বৃ্দ্ধ যাত্ৰীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, যাত্ৰীগৰাকীয়ে আগতীয়াকৈয়ে হুইল চেয়াৰ বুকিং কৰি থৈছিল যদিও সময়ত

ইনষ্টাগ্ৰামত ব্যস্ত হৈ থকা পত্নীৰ ওপৰত বিৰক্ত হৈ মৃত্যু ৩৪ বছৰীয়া যুৱকৰ

পত্নীৰ ৰীলৰ প্ৰতি থকা অগাধ আকৰ্ষণত অতিষ্ঠ হৈ চৰম সিদ্ধান্ত ল’লে এগৰাকী অসহায় স্বামীয়ে। এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে কৰ্ণাটকৰ হানুৰু অঞ্চলত। জানিব পৰা মতে, পত্নীৰ ইনষ্টাগ্ৰাম ৰীল বনোৱাক লৈ বিৰক্ত হৈছিল স্বামী। ফলত দম্পতীহালৰ মাজত

এক্সপ্ৰেছ ৱে’ত শিহৰণকাৰী পথ দুৰ্ঘটনা; ট্ৰাকৰ খুন্দাত ৫ জন লোকৰ মৃত্যু

ৰাজস্থানৰ বিকানেৰত ভাৰতমালা এক্সপ্ৰেছ ৱে’ত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাকে পিছফালৰ পৰা চাৰিচকীয়া বাহন এখনক প্ৰচণ্ড জোৰত খুন্দিওৱাৰ ফলত ৫ গৰাকী লোকৰ মৃত্যু হয়।সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে স্কৰপিঅ’ বাহনখনত থকা প্ৰতিগৰাকী সদস্যৰ

ৰঙৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড; ১১ জন শ্ৰমিকৰ মৃত্যু

দিল্লীৰ আলিপুৰত অৱস্থিত এটা ৰং কাৰখানাত বৃহস্পতিবাৰে সন্ধিয়া এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত প্ৰায় ১১ জন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। ইয়াৰ উপৰি জুইত গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা তিনিজন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা

ভাল খবৰ; অতি শীঘ্ৰে আহি আছে কেন্সাৰৰ ভেকচিন! দাবী পুটিনৰ ISHAN NEWS

বিগত দুবছৰ ধৰি ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ মাজতে বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে চিকিৎসা ক্ষেত্ৰখনৰ বাবে কৰিছে এক ডাঙৰ ঘোষণা। প্ৰায় প্ৰস্তুত হৈ উঠিছে মাৰাত্মক কৰ্কট ৰোগৰ ভেকচিন। অতি শীঘ্ৰে ই জনসাধাৰণৰ বাবে আগবঢ়াব পৰা

বিজেপি-কংগ্ৰেছক আৰ্থিকভাৱে কোনে সহায় কৰে? এতিয়া জানিব পাৰিব সকলো…

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচনী বণ্ডক অসাংবিধানিক আখ্যা দি ইয়াৰ ওপৰত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তই সাধাৰণ জনতাৰ ওপৰত কি প্ৰভাৱ পেলাব তাক লৈ এতিয়া অৱতাৰণা হৈছে প্ৰশ্নৰ। এই

পুনৰ ভোট গণনাৰ সময়ত দুই দলৰ সমৰ্থকৰ মাজত সংঘৰ্ষ; দুজনৰ মৃত্যু, ১৪ জন আহত

পাকিস্তানৰ অশান্ত অঞ্চল বেলুচিস্তানৰ এটা সমষ্টিত পুনৰ ভোট গণনাৰ সময়ত দুটা ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত হোৱা সংঘৰ্ষত কমেও দুজন লোক নিহত হোৱাৰ লগতে ১৪ জন আহত হয়। বৃহস্পতিবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। কৰাচীৰ সীমান্তৱৰ্তী ঔদ্যোগিক