ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

আণ্ডাৰৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিমক বিহ খুৱালে কোনে !   

ছচিয়েল মিডিয়াৰ খবৰ কিমান সঁচা , কিমান মিছা ! ছচিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে আণ্ডাৰৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিমক কৰাচীত কোনোবাই বিহ খুৱাইছে ।বৰ্তমান কৰাচীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দাউদৰ অৱস্থা

ভাৰতত প্ৰৱেশ ক’ভিডৰ নতুন ভেৰিয়েণ্ট; কেৰালাত দুজন লোকৰ মৃত্যু

ক’ভিডৰ বাবে কেৰালাত দুজন লোকৰ মৃত্যু হোৱাৰ খবৰে দেশত পুনৰবাৰ কৰ’ণাৰ সন্ত্ৰাস সৃষ্টি কৰিছে। বিগত কিছু দিনত কেৰালাত ক’ভিডৰ বাবে দুজন লোকৰ মৃত্যু হোৱাৰ পিছতে স্বাস্থ্য বিভাগে সমগ্ৰ ৰাজ্যতে সতৰ্কবাণী জাৰি কৰিছে। কেৱল এয়াই নহয় কৰ্ণাটক,

শিক্ষকৰ ওপৰত গুলীচালনা ৬ বছৰীয়া শিশুৰ; মাতৃক দুবছৰৰ কাৰাদণ্ড

আমেৰিকাৰ ভাৰ্জিনিয়াত এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। ইয়াত এটা ৬ বছৰীয়া শিশুৱে নিজৰ শিক্ষকক গুলীওৱা ঘটনাৰ বাবে শিশুটিৰ মাতৃক দুবছৰৰ কাৰাদণ্ড বিহা হৈছে। সন্তানৰ লালন-পালনত গাফিলতিৰ অভিযোগ তুলি গুলীচালনা কৰা শিশুটিৰ মাতৃক কাৰাদণ্ড প্ৰদান

‘চাইৰাছ মিস্ত্ৰিৰ দৰে হব দশা!’ ফোনযোগে ৰতন টাটাক হত্যাৰ ভাবুকি

প্ৰসিদ্ধ উদ্যোগপতি টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাক হত্যাৰ ভাবুকি অচিনাক্ত লোকৰ। ইয়াৰ পাছতেই বৃদ্ধি কৰা হৈছে ৰতন টাটাৰ নিৰাপত্তা। মুম্বাই আৰক্ষীলৈ অহা এটা ফোনকলত ৰতন টাটাক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে। ৰতন টাটাৰ নিৰাপত্তা বৃদ্ধি

২০২৩ বৰ্ষৰ আটাইতকৈ ভোকাতুৰ লোকজন! অৰ্ডাৰ কৰি খালে ৪২.৩ লাখ টকাৰ খাদ্য

২০২৩ বৰ্ষত ভাৰতীয়সকলে সর্বাধিক কি খাদ্য ভক্ষণ কৰিলে জানেনে? অনলাইনযোগে খাদ্য যোগান ধৰা সংস্থা ছুইগীৰ তথ্য অনুসৰি ২০২৩ বৰ্ষত অনলাইনযোগে সৰ্বাধিক অৰ্ডাৰ হৈছিল চিকেন বিৰয়ানী। ছুইগীয়ে অলপতে প্রকাশ কৰা এখন তালিকাৰ শীৰ্ষত আছে চিকেন

ইজৰাইলত ওলাইছে চাকৰি, দৰমহা প্ৰতিমাহে এক লাখ টকা 

ইজৰাইল আৰু পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছৰ মাজত প্ৰায় দুমাহ ধৰি চলা যুদ্ধই জোকাৰি গৈছে পশ্চিম এছিয়াক। এই যুদ্ধই ইজৰাইলত নতুন সংকটৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ কৰ্মচাৰীৰ অভাৱত জুৰুলা হৈছে যুদ্ধৰ ক’লা ধোঁৱাই ধুৱলি কুঁৱলী কৰি ৰখা

শিহৰণকাৰী দুৰ্ঘটনা; বিয়া খাই উভতাৰ পথত ট্ৰাকৰ খুন্দাত মৃত্যু ৬জন লোকৰ

মহাৰাষ্ট্ৰৰ নাগপুৰ চহৰৰ সমীপৱৰ্তী এক অঞ্চলত আজি পুৱতি নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৬ জনকৈ লোকে কৰুণ মৃত্যুক সাৱটি লোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয়। এখন ট্ৰাক আৰু এখন চাৰিচকীয়া বাহনৰ মাজত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি

যোৰাবাটত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজন ছাত্ৰৰ কৰুণ মৃত্যু

গুৱাহাটীৰ সমীপৱৰ্তী যোৰাবাটৰ উৰণীয়া সেঁতুৰ ওপৰত আজি বিয়লি সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা তিনিজন ছাত্ৰৰ দুজনৰ মৃত্যু ঘটিছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সোণাপুৰৰ কামাৰকুছিস্থিত ডন বস্কো বিশ্ববিদ্যালয়ৰ তিনিজন ছাত্ৰৰ

পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী বিধান পৰিষদৰ সদস্যই 

শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশৰ পূব গোদাবৰী জিলাত সংঘটিত পথ দুৰ্ঘটনাত বিধান পৰিষদৰ সদস্য (এম এল চি) শ্বেইখ সবজীৰ মৃত্যু ঘটিছে। ইফালে দুৰ্ঘটনাটোত বাহনখনৰ চালক, তেওঁৰ ব্যক্তিগত সহায়ক আৰু নিৰাপত্তাত নিয়োজিত দেহৰক্ষীগৰাকী আহত হয়। ইউনাইটেড

আপুনি ‘ভাল খাদ্য’ নাখায় নেকি? দেশৰ ৭৪ শতাংশ লোকে খাবলৈ পোৱা নাই স্বাস্থ্যকৰ খাদ্য

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনে শেহতীয়াকৈ সকলোকে আচৰিত কৰিছে।এই প্ৰতিবেদনমতে, ২০২১ চনত ৭৪.১ শতাংশ ভাৰতীয়ই স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। ২০২০ বৰ্ষত এই পৰিসংখ্যা আছিল ৭৬.২ শতাংশ। চুবুৰীয়া