ISHAN NEWS – Always One Step Ahead of Time…

চাৰিদিন ধৰি নিৰুদ্দেশ সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা গুৰচৰণ সিং 

0 533

জনপ্ৰিয় টিভি শ্ব’ ‘তাৰক মেহতা কা উলতা চছমা’ত ৰোশন সিঙৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা গুৰচৰণ সিং হঠাতে দিল্লী বিমানবন্দৰৰ পৰা নিৰুদ্দেশ হোৱাৰ খবৰ আহিছে।

জানিব পৰা অনুসৰি তেওঁ দিল্লী বিমানবন্দৰৰ পৰা মুম্বাইলৈ যাব আহিছিল। কিন্তু আশ্বৰ্যজনক কথা এইটোৱে যে তেওঁ মুম্বাইতো উপস্থিত নহ’ল আৰু ঘৰলৈও উভতি নাহিল।

যোৱা চাৰিদিন ধৰি সন্ধানহীন হৈ থকা গুৰচৰণৰ বিষয়ে এতিয়াও কোনো তথ্য লাভ কৰা নাই। সেয়ে উদ্বিগ্ন হৈ অভিনেতাগৰাকীৰ পিতৃয়ে এফআইআৰ দাখিল কৰিছে।

পিতৃয়ে দাখিল কৰা এজাহাৰত উল্লেখ আছে, ‘মোৰ ল’ৰা গুৰচৰণ সিং, যাৰ বয়স ৫০, ২২ এপ্ৰিলৰ পুৱা ৮.৩০ বজাত মুম্বাইলৈ বুলি ৰাওনা হৈছিল। বিমানৰ বাবে তেওঁ বিমানবন্দৰত উপস্থিত হৈছিল। কিন্তু তেওঁ মুম্বাইও নাপালে, ঘৰলৈও উভতি নাহিল। তেওঁৰ ফোন নট ৰিচেবল আহি আছে। মানসিকভাৱে তেওঁ সম্পূৰ্ণ সুস্থিৰ আৰু আমি তেওঁক বিচাৰি আছো। কিন্তু এতিয়ালৈ একো সন্ধান পোৱা নাই।‘

উল্লেখ্য গুৰচৰণ সিঙক শেষবাৰৰ বাবে টিভি শ্ব’ ‘তাৰক মেহতা কা উলতা চছমা’ত ৰোশন সিং সোধিৰ চৰিত্ৰত দেখা গৈছিল। দেউতাকৰ স্বাস্থ্যৰ বাবেই তেওঁ এই জনপ্ৰিয় শ্ব’টো এৰি দিছিল আৰু সেই সময়ত তেওঁ নিজৰ পৰিয়ালৰ ওপৰত গুৰুত্ব দিব বিচাৰিছিল। অ

এতিয়া গুৰচৰণ সিঙৰ আকস্মিক নিৰুদ্দেশৰ খবৰে সকলোকে স্তম্ভিত কৰি তুলিছে। পৰিয়ালৰ লোকেও অস্থিৰ হৈ এফআইআৰ দাখিল কৰিছে যদিও এতিয়ালৈকে অভিনেতাগৰাকীৰ বিষয়ে কোনো আপডেট পোৱা নাই।

Leave A Reply

Your email address will not be published.