ISHAN NEWS – Always One Step Ahead of Time…

মৰমৰ শিল্পীগৰাকীক কাষতে পাই চুমাৰে উপচাই পেলালে অনুৰাগীয়ে

0 215

জুবিন অনন্য অদ্বিতীয়। সুৰৰ মায়াজালেৰে সেই কথা পুনৰ প্ৰমাণ কৰি দিলে ডিব্ৰুগড়ত। বিগত দুটা দিনে ডিব্ৰুগড়ৰ ৰাইজক সুৰৰ মায়াজালত বন্দী কৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে।

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় ৰাইজৰ সহযোগত চৌকিডিংগি খেলপথাৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৃতীয় দিনা অৰ্থাত শুকুৰবাৰে নিশা অনন্য ৰূপত দেখা গ’ল জুবিন গাৰ্গক।

বিতৰ্কই লগ নেৰা জুবিনে ডিব্ৰুগড়ৰ চৌকিডিংগি খেলপথাৰৰ বিহু মঞ্চত নাজানো ক’ত তুমি থাকা, মায়া মাথোঁ মায়া, মনৰে কইনা মোৰ, তুমি যেন পপীয়া তৰা আদি গীতেৰে মন্ত্ৰমুগ্ধ কৰিলে শ্ৰোতা দৰ্শকক।

জুবিন গাৰ্গে পুনৰ এবাৰ নিজৰ যাদুকৰী কণ্ঠৰে পুৱতি নিশালৈকে নচুৱালে হাজাৰ-হাজাৰ অনুৰাগীক।

এটাৰ পিছত আন এটা ছুপাৰহিট গানেৰে মন্ত্ৰমুগ্ধ কৰি তোলাৰ সময়তে মঞ্চত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য। মৰমৰ শিল্পীগৰাকীক এবাৰ ওচৰত পোৱাৰ লগে লগে জুবিনক সাৱটি ধৰি চুমাৰে উপচাই পেলালে এজাক যুৱতী-কিশোৰীয়ে।  

Leave A Reply

Your email address will not be published.