ISHAN NEWS – Always One Step Ahead of Time…

বিস্ময়কৰ! ০ ৰানত ৭টা উইকেট দখল কৰি এইগৰাকী স্পিনাৰে টি-২০ ক্ৰিকেটত ৰচিলে ইতিহাস

0 2,472

অনিশ্চয়তাৰ খেল ক্ৰিকেট, য’ত এটা ভাল অভাৰে মেচৰ পৰিণাম আৰু বলাৰৰ ভাগ্য সলনি কৰি দিব পাৰে। এনে এক অভাৰে ভাগ্য সলনি কৰি দিলে ইণ্ডোনেছিয়াৰ এগৰাকী যুৱ প্ৰতিভাৱান বলাৰৰ।

ইণ্ডোনেছিয়াৰ যুৱ অফ স্পিনাৰ ৰোহমালিয়াই মহিলা ক্ৰিকেটৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ত শ্ৰেষ্ঠ বলিং পৰিসংখ্যাৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

বালিত মংগোলিয়াৰ বিৰুদ্ধে শৃংখলাৰ পঞ্চম টি-২০ মেচত অফ স্পিনাৰ ৰোহমালিয়াই শূন্য ৰাণত ৭টা উইকেট দখল কৰে।

এই মেচখন ২৫ এপ্ৰিলত অনুষ্ঠিত হৈছিল যদিও লক্ষ্যণীয় কথাটো হ’ল যে এই মেচখনতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল ৰোহমালিয়াৰ, যাৰ বাবে তেওঁৰ এই কৃতিত্ব আৰু অধিক আকৰ্ষণীয় হৈ পৰিছে।

ইয়াৰ পূৰ্বে মহিলা ক্ৰিকেটত শ্ৰেষ্ঠ টি-২০ বলিং ফিগাৰৰ অভিলেখ আছিল ফ্ৰান্সৰ বিৰুদ্ধে তিনি ৰানত ৭টা উইকেট দখল কৰা নেদাৰলেণ্ডৰ ফ্ৰেডেৰিক অভাৰডাইকৰ নামত। সেই মেচখন আছিল তিনি বছৰ পূৰ্বে টি-২০ বিশ্বকাপ ইউৰোপ ৰিজিঅ’ন কোৱালিফায়াৰত।

উল্লেখ্য যে, টি-২০ত ৭ উইকেট দখল কৰা তৃতীয়গৰাকী মহিলা তথা ক্ৰিকেট ইতিহাসৰ চতুৰ্থজন বলাৰ হিচাপে পৰিগণিত হৈছে ৰোহমালিয়া।

ইয়াৰ পূৰ্বে আৰ্জেণ্টিনাৰ এলিছন ষ্টকছ (৭/৩) আৰু নেদাৰলেণ্ডৰ ফ্ৰেডেৰিক অভাৰডাইকে (৭/৩) টি-২০ত ৭টা উইকেট দখল কৰিছিল। আনহাতে এই কৃতিত্ব গঢ়া একমাত্ৰ পুৰুষ ক্ৰিকেটাৰগৰাকী হ’ল মালয়েছিয়াৰ ছিয়াজৰুল এজাট ইড্ৰাছ, যিয়ে যোৱা বছৰ চীনৰ বিৰুদ্ধে ৮ ৰানৰ বিনিময়ত ৭টা উইকেট লাভ কৰিছিল।

Leave A Reply

Your email address will not be published.