ISHAN NEWS – Always One Step Ahead of Time…

তাঞ্জানিয়াত বতৰৰ কালৰূপ! প্ৰচণ্ড বৰষুণৰ ফলত ১৫৫ গৰাকী লোকৰ মৃত্যু

0 329

বিগত কেইসপ্তাহমানৰ পৰা তাঞ্জানিয়াত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত দেশখনৰ বিভিন্ন প্ৰান্তত বানপানীয়ে লৈছে ভয়াৱহ ৰূপ। দেশখনত এই পৰ্যন্ত বানপানী আৰু ভূমিস্খলনৰ ফলত ১৫৫ জন লোকে প্ৰাণ হেৰুৱাইছে।

প্ৰচণ্ড বৰষুণৰ বাবে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তাঞ্জানিয়াৰ প্ৰধানমন্ত্ৰী কাছিম মাজালিৱাই ইয়াৰ বাবে এল নিনো জলবায়ুৰ আৰ্হিক দোষাৰোপ কৰিছে।

উল্লেখ্য যে তাঞ্জানিয়াত হোৱা প্ৰবল বৰষুণৰ ফলত বাট-পথ, দলং আৰু ৰে’লপথৰ ব্যাপক ক্ষতিসাধন হোৱাৰ খবৰ আহিছে।

প্ৰধানমন্ত্ৰী মাজালিৱাই কয়, ‘প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহাই দেশৰ বিভিন্ন ঠাইত বানপানী আৰু ভূমিস্খলনৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত বহু ক্ষতি হৈছে।‘

বৰষুণৰ বিধ্বংসী প্ৰভাৱৰ বাবে তেওঁ অস্থায়ী কৃষি পদ্ধতিক জগৰীয়া কৰে। এই অস্থায়ী কৃষি পদ্ধতিসমূহৰ ভিতৰত শস্য কাটি জ্বলোৱা, পশুধন অনিয়ন্ত্ৰিতভাৱে চৰা আৰু বনাঞ্চল ধ্বংস আদি অন্যতম।

তাঞ্জানিয়াৰ প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি ধাৰাসাৰ বৰষুণৰ ফলত ৫১ হাজাৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ফলত ২০ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বানত আবদ্ধ হৈ থকা লোকসকলক জৰুৰীকালীন সেৱাৰ জৰিয়তে নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। ইয়াৰ লগতে পানী জমা হোৱাৰ বাবে ইয়াৰ বিদ্যালয়সমূহো বন্ধ কৰি দিয়া হৈছে।

আনহাতে বানপানীৰ ফলত ২২৬ জন লোক আহত হৈছে। পূব আফ্ৰিকাত এতিয়াও অব্যাহত আছে ধাৰাসাৰ বৰষুণ।

উল্লেখ্য যে এল নিনো হৈছে প্ৰাকৃতিকভাৱে হোৱা বতৰৰ পৰিঘটনা যিয়ে গোলকীয় উষ্ণতা বৃদ্ধি, খৰাং আৰু প্ৰচণ্ড বৰষুণৰ সৃষ্টি কৰে। আজিকালি পূব আফ্ৰিকাত স্বাভাৱিকতকৈ অধিক বৰষুণ হৈছে। ইয়াৰ বাবেই চুবুৰীয়া দেশ বুৰুণ্ডি আৰু কেনিয়াতো পানী জমা হোৱাৰ ঘটনা পোহৰলৈ আহিছে।

Leave A Reply

Your email address will not be published.