ISHAN NEWS – Always One Step Ahead of Time…

ভোটগ্ৰহণৰ মাজতেই ভয়ংকৰ পথ দুৰ্ঘটনা; এটা পৰিয়ালৰে ৫ জনসহ ৬ জনৰ মৃত্যু

0 187

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে ৰাজস্থানত আজি সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। শ্ৰীগংগানগৰ জিলাৰ গাতে লাগি থকা অনুপগড় জিলাৰ সমেজা কোঠী থানা এলেকাত সংঘটিত দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হয়।

জানিব পৰা মতে, কোনো আত্মীয়ৰ মৃত্যুৰ খবৰ লৈ উভতি আহি থকা অৱস্থাতে তেওঁলোকৰ চাৰিচকীয়া বাহনখনে এখন ট্ৰাকক খুন্দিয়াই। দুৰ্ঘটনাত ৬ জন লোকৰ কৰুণ মৃত্যু হয়। ইফালে চিকিৎসাধীন হৈ থকা এজনৰ অৱস্থা সংকটজনক।

দুৰ্ঘটনাটোত নিহত লোকসকল একেটা পৰিয়ালৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে মৃতদেহসমূহ স্থানীয় চিকিৎসালয়ৰ মৰ্গত ৰাখিছে।

সমেজা কোঠী আৰক্ষী থানাৰ তথ্য অনুসৰি দুপৰীয়া প্ৰায় ৩.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, এখন ক্ৰুজাৰেৰে অনুপগড় অভিমুখে গৈ আছিল ৰাইসিংনগৰৰ কিকাৰৱালি গাঁৱৰ এটি পৰিয়াল। ক্ৰুজাৰখনত চালকসহ ৭জন লোক আছিল। ইয়াৰ ভিতৰত পাঁচগৰাকী মহিলা আৰু চালকক ধৰি দুজন পুৰুষ আছিল।

প্ৰত্যক্ষদৰ্শীৰ মতে, ক্ৰুজাৰখনৰ চালকে ট্ৰাকখনক অভাৰটেক কৰিবলৈ চেষ্টা কৰাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

Leave A Reply

Your email address will not be published.