ISHAN NEWS – Always One Step Ahead of Time…

নিৰাপত্তাৰক্ষীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত ৭ গৰাকী মাওবাদীৰ মৃত্যু, অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

0 221

মঙলবাৰে পুৱা ছত্তীশগড় জিলাৰ নাৰায়ণপুৰৰ আবুঝমাড়ত চাৰি ঘণ্টীয়া এনকাউণ্টাৰৰ অন্তত চলোৱা তালাচীৰ সময়ত নিৰাপত্তাৰক্ষীয়ে দুগৰাকী মহিলা মাওবাদীকে ধৰি ৭ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছে। লগতে ঘটনাস্থলৰ পৰা উদ্ধাৰ হৈছে এ কে ৪৭ ৰাইফলকে ধৰি গোলাবাৰুদ।

বাষ্টাৰ আই জিয়ে এই এনকাউণ্টাৰত ৭ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি নিশ্চিত কৰি এনকাউণ্টাৰত জড়িত সকলো জোৱান সুৰক্ষিত বুলি কয়। অনুসন্ধান অভিযান সম্পূৰ্ণ হোৱাৰ পিছত বিতং তথ্য পৃথকে পৃথকে প্ৰকাশ কৰা হ’ব বুলিও কয়।

জানিব পৰা মতে, আজি ৰাতিপুৱা প্ৰায় ৬ বজাত গাঁও টেকমেটা আৰু কাকুৰৰ মাজৰ এখন জংঘলত ডি আৰ জি আৰু এছ টি এফৰ জোৱানৰ সৈতে মাওবাদীৰ মাজত প্ৰায় চাৰি ঘণ্টা ধৰি সংঘৰ্ষ চলিছিল।

এনকাউণ্টাৰৰ পিছত সেই স্থানতে চলোৱা তালাচী অভিযানত ৭ গৰাকী মাওবাদীৰ মৃতদেহ আৰু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হয়।

Leave A Reply

Your email address will not be published.