ISHAN NEWS – Always One Step Ahead of Time…

ধুমুহা-বৰষুণৰ কালৰূপ; ৪ জনৰ মৃত্যু, ৩৫০ ৰো অধিক পৰিয়ালক স্থানান্তৰ

0 3,795

যোৱা চাৰিদিনত জম্মু-কাশ্মীৰত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানত তিনি নাবালককে ধৰি চাৰিজন লোকৰ মৃত্যু হৈছে। বিষয়াসকলে জনোৱা মতে, ৩৫০টাতকৈও অধিক পৰিয়ালক স্থানান্তৰ কৰা হৈছে, বহু পশুধনৰ মৃত্যু হোৱাৰ লগতে কেইবা ডজন ঘৰৰ ক্ষতিসাধন হৈছে।

বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষই বিদ্যালয় বন্ধ কৰাৰ লগতে মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া সকলো পৰীক্ষা পিছুৱাই দিছে কাশ্মীৰ বিশ্ববিদ্যালয়ে।

জম্মু সংমণ্ডলৰ পাহাৰীয়া জিলা ডোডা, ৰিয়াছি, কিষ্টৱাৰ আৰু ৰামবান আৰু কাশ্মীৰৰ কুপৱাৰা জিলাত ভূমিস্খলন আৰু বানপানীৰ ফলত ৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে অবিৰত বৰষুণ আৰু বজ্ৰপাতৰ ফলত কেইবা ডজন ঘৰ ক্ষতিগ্ৰস্ত হয়।

কুপৱাৰা জিলাত কৰ্তৃপক্ষই ৩৫০ টাতকৈও অধিক পৰিয়ালক বানপীড়িত অঞ্চলৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে। যোৱা চাৰিদিনত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত জম্মু-কাশ্মীৰত দুই ডজনৰো অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে।

ইফালে অঞ্চলটোৰ গ্ৰাম্য উন্নয়ন বিভাগৰ দুটা ভৱন আৰু সহকাৰী সঞ্চালক হস্তশিল্প কাৰ্যালয় ভৱনকে ধৰি শুমৰিয়াল দলং, খুমৰিয়াল দলং, শতমুকাম দলং, সোহিপোৰা-হাইহামা দলং, কুপৱাৰাৰ ফাৰকিয়ান দলং ক্ষতিগ্ৰস্ত হৈছে।

Leave A Reply

Your email address will not be published.