ISHAN NEWS – Always One Step Ahead of Time…

নিৰ্বাচন খেলিবলৈ ধনৰ অভাৱ; দলীয় টিকট ঘূৰাই দিলে এইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীয়ে

0 160

লোকসভা নিৰ্বাচনৰ মাজতো সমস্যাই লগ এৰা নাই কংগ্ৰেছৰ। এইবাৰ ধনৰ অভাৱত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে। প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা ঘটনাটো ওড়িষাৰ।

নিৰ্বাচনী প্ৰচাৰৰ বাবে ধনৰ অভাৱ বুলি মন্তব্য কৰি তেওঁ নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে। নিৰ্বাচনত যুঁজ দিয়াৰ বাবে কংগ্ৰেছ দলৰ তৰফৰ পৰা তেওঁক প্ৰযোজনীয় ধন প্ৰদান নকৰাৰ কথাও উল্লেখ কৰে।

প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা কংগ্ৰেছ প্ৰাৰ্থীগৰাকী হৈছে সুচৰিতা মহান্তি। কংগ্ৰেছে পুৰী সমষ্টিৰ পৰা মহান্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। বিজেপি প্ৰাৰ্থী সম্বিত পাত্ৰা আছিল তেওঁৰ মূল প্ৰতিদ্বন্দ্বী।

পুৰী সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুচৰিতা মহান্তিয়ে কয়, ‘মই টিকট ঘূৰাই দিছো, কাৰণ দলে মোক ধন দিব পৰা নাছিল। দ্বিতীয় কাৰণটো হ’ল ৭টা বিধানসভা সমষ্টিৰ কিছু আসনত জয়ী হোৱাৰ যোগ্য প্ৰাৰ্থীসকলক টিকট দিয়া হোৱা নাছিল। কেইবাগৰাকীও দুৰ্বল প্ৰাৰ্থীক টিকট দিয়া হৈছে, মই এনেকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰো’।

সুচৰিতা মহান্তিয়ে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপাললৈ পত্ৰ লিখি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অস্বীকাৰ কৰাৰ কথা জনায়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে চুৰাট আৰু ইন্দোৰতো কংগ্ৰেছৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ অস্বীকাৰ কৰিছিল, এতিয়া পুৰীতো ঠিক একেই হৈছে।

সুচৰিতাই কয় যে তেওঁ নিজাববীয়াকৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে ধন সংগ্ৰহ কৰিব নোৱাৰিলে, সেইবাবেই তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে।

Leave A Reply

Your email address will not be published.