ISHAN NEWS – Always One Step Ahead of Time…

কন্যাক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা লোকক শাস্তি বিহিলে মাতৃয়ে

0 109

কন্যাৰ সন্মান ৰক্ষা কৰিবলৈ ভয়ংকৰ কাণ্ড কৰিলে এগৰাকী মাতৃয়ে। নিজৰ ভাতৃ আৰু ২ নাবালিকা কন্যাৰ সৈতে মিলিত হৈ মাতৃগৰাকীয়ে প্ৰাণ ল’লে এজন ৩৫ বছৰীয় লোকৰ। ঘটনা সংঘটিত কৰাৰ পাছত আত্মহননৰ ৰূপ দিবলৈ লোকজনৰ মৃতদেহ ওলোমাই থ’লে মহিলাগৰাকীয়ে। এই শিহৰণকাৰী ঘটনা  পোহৰলৈ অহাৰ পাছতেই হত্যাত অভিযুক্ত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হত্যাকাৰীৰ অভিযোগ অনুসৰি সঞ্জয় নামৰ ৩৫ বছৰীয়া লোকজনে মহিলাগৰাকীৰ জীয়ৰীকেইগৰাকীক দীৰ্ঘদিন ধৰি অশালীন ইংগিত দি আছিল। যোৱা ১ মে’ত ৩৫ বছৰীয়া সঞ্জয়ে মহিলাগৰাকীৰ কন্যাক বলপূৰ্বকভাৱে এটা খালী ঘৰলৈ লৈ যোৱাৰ চেষ্টা চলাইছিল। এই সকলো ঘটনা দেখা পাইছিল কন্যাগৰাকীৰ মাতৃয়ে। সেইসময়ত কন্যাক ৰক্ষা কৰিবলৈ ক্ৰোধতে সঞ্জয়ক হত্যা কৰে মহিলাগৰাকীয়ে। এই ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে ভগমান কোৰৱা নামৰ মহিলাগৰাকীৰ লগতে ভায়েক খিৰু, ২ নাবালিকা কন্যাক গ্ৰেপ্তাৰ কৰে। এই ঘটনা সংঘটিত হৈছে ছত্তিশগড়ৰ প্ৰতাপপুৰত।

Leave A Reply

Your email address will not be published.