ISHAN NEWS – Always One Step Ahead of Time…

নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষত দুজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ মৃত্যু

0 86

মঙলবাৰে জম্মু-কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত দুজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ আহিছে। দুয়ো পক্ষৰ মাজত এতিয়াও এনকাউণ্টাৰ চলি আছে।

সন্ত্ৰাসবিৰোধী অভিযান সমাপ্ত হোৱাৰ পাছতহে নিহত সন্ত্ৰাসবাদী দুজনক চিনাক্ত কৰা হ’ব বুলি শীৰ্ষ বিষয়াই জনায়।

সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, এই এনকাউণ্টাৰত নিহত হৈছে লস্কৰৰ শীৰ্ষ কমাণ্ডাৰ বাছিত দাৰ। অৱশ্যে এই কথা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।

ইতিমধ্যে নিহত দুয়োজন সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

বিষয়াসকলে জনোৱা মতে, ৰেডৱানী পাইন অঞ্চলত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতে সোমবাৰে নিশাই অভিযান আৰম্ভ কৰিছিল নিৰাপত্তাৰক্ষীয়ে।

লস্কৰৰ সহযোগী দ্য ৰেজিষ্টেন্স ফ্ৰন্ট (টি আৰ এফ)ৰ শীৰ্ষ কমাণ্ডাৰ বাছিত দাৰ লুকুৱাই থকাৰ সন্দেহ কৰা হৈছে। কাশ্মীৰৰ বহু স্থানীয় আৰু আন আন লোকক হত্যাৰ লগত জড়িত আছিল তেওঁ।

এনকাউণ্টাৰ শেষ হোৱাৰ পিছতহে নিৰাপত্তাৰক্ষীয়ে এই বিষয়ে বিতংকৈ তথ্য প্ৰকাশ কৰিব।

Leave A Reply

Your email address will not be published.