ISHAN NEWS – Always One Step Ahead of Time…

শিহৰণকাৰী পথ দুৰ্ঘটনা; একেটা পৰিয়ালৰে ৬ জন সদস্যই হেৰুৱালে প্ৰাণ

0 198

ৰাজস্থানৰ ছাৱাই মাধোপুৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বাউনলী থানাৰ অন্তৰ্গত এক্সপ্ৰেছৱে’ত সংঘটিত এই দুৰ্ঘটনাটোত এটা পৰিয়ালৰে ৬ জন লোকৰ মৃত্যু হয়।

দুৰ্ঘটনাত নিহত হোৱা পৰিয়ালটোৱে ছিকাৰৰ পৰা ৰন্থামবোৰস্থিত ত্ৰিনেত্ৰ গণেশ মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছিল। অচিনাকি বাহনৰ সৈতে সংঘৰ্ষৰ ফলত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত গাড়ীখনত থকা ছয়জন লোকৰ থিতাতে মৃত্যু হয়।

নিহতসকলৰ ভিতৰত আছে তিনিগৰাকী মহিলা আৰু তিনিজন পুৰুষ। আনহাতে গুৰুতৰভাৱে আহত হৈছে দুটি কণমানি।

আৰক্ষীয়ে জনোৱা অনুসৰি, দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ৰ বানাছ নদীৰ দলঙৰ সমীপত এখন অচিনাকি বাহনে আন এখন গাড়ীত খুন্দা মাৰে।

আৰক্ষীৰ মতে, বাউনলী আৰক্ষী থানাই দুৰ্ঘটনা সন্দৰ্ভত মৃত পৰিয়ালটোৰ আত্মীয়ক অৱগত কৰিছে। কিন্তু মৃতকৰ নাম আনুষ্ঠানিকভাৱে নিশ্চিত কৰিব পৰা নাই।

দুৰ্ধটনা সংঘটিত হোৱাৰ পিছত গাঁৱৰ ৰাইজৰ সহযোগত আটাইকেইটা মৃতদেহ এম্বুলেন্সেৰে বাউনলীলৈ অনা হয়, য’ত তেওঁলোকক বাউনলী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ মৰ্গত ৰখা হৈছে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলিও জানিব পৰা যায়।

Leave A Reply

Your email address will not be published.