ISHAN NEWS – Always One Step Ahead of Time…

‘পূব ভাৰতৰ লোকসকল দেখাত চাইনীজ……..’, বিতৰ্কৰ পিছতেই পদত্যাগ ছেম পিট্ৰ’ডাৰ

0 78

বৰ্ণবৈষম্যমূলক মন্তব্যক লৈ দেশজুৰি তীব্ৰ বিতৰ্ক সৃষ্টি হোৱাৰ পিছতে ভাৰতীয় অভাৰচীজ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে ছেম পিট্ৰ’ডাই।

এই তথ্য ৰাজহুৱা কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে।

তেওঁ এক্সত লিখিছে- ‘পিট্ৰ’ডাই নিজৰ ইচ্ছামতে পদত্যাগ কৰিছে, যিটো গ্ৰহণ কৰা হৈছে।’

কংগ্ৰেছৰ বৰ্ষীয়ান নেতা ছেম পিট্ৰ’ডাৰ এক মন্তব্যই আজি দেশৰ ৰাজনীতিত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁ কৈছে যে পূব ভাৰতৰ লোকসকল দেখাত চাইনীজৰ দৰে আৰু দক্ষিণ ভাৰতৰ লোকসকল দেখাত আফ্ৰিকানসকলৰ দৰে।

তেওঁৰ এই চৰম আপত্তিজনক আৰু বৰ্ণবৈষম্যমূলক মন্তব্যক বিজেপিয়ে কঠোৰ ভাষাৰে সমালোচনা কৰাৰ বিপৰীতে কংগ্ৰেছে পিট্ৰ’ডাৰ এই মন্তব্যৰ পৰা তৎক্ষণাত নিজকে আঁতৰাই ৰাখিছে। তেওঁৰ মন্তব্য কোনোপধ্যে “গ্ৰহণযোগ্য নহয়” বুলি কংগ্ৰেছ অভিহিত কৰিছিল।

Leave A Reply

Your email address will not be published.