ISHAN NEWS – Always One Step Ahead of Time…

বকোত EVM কঢ়িওৱা ট্ৰেভেলাৰৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষ; দুজনৰ অৱস্থা সংকটজনক

0 304

বকোৰ শিংৰাত পথ দুৰ্ঘটনা। EVM কঢ়িওৱা ট্ৰেভেলাৰৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষ। দুই বাইক আৰোহীৰ অৱস্থা অতি সংকটজনক। ততাতৈয়াকৈ বকো প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি দুই আহতক।

বকোৰ নগৰবেৰাৰ পৰা EVM কঢ়িয়াই আনিছিল ট্ৰেভেলাৰখনে। আহত দুজনক মৃগাংক ৰাভা আৰু ভাৰ্গৱ ৰাভা বুলি চিনাক্ত কৰা হৈছে।

দুয়োৰে ঘৰ বকো হাহিমত বুলি জানিব পৰা গৈছে। দুয়োজন লোককে উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.