ISHAN NEWS – Always One Step Ahead of Time…

অৰবিন্দ কেজৰিৱালৰ বাসগৃহত দিল্লী আৰক্ষী; জানক ঘটনাৰ সকলো তথ্য…

0 255

দিল্লীৰ মুখ্যমন্ত্ৰী ভৱনত আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালৰ সৈতে হোৱা দুৰ্ব্যৱহাৰৰ ঘটনাটোৱে লৈছে নতুন মোৰ। মালিৱালৰ সৈতে হোৱা অসৎ আচৰণ আৰু আক্ৰমণৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে শুকুৰবাৰে। এই ভিডিঅ’টো দিল্লীৰ মুখ্যমন্ত্ৰী আৱাসৰ বুলি দাবী কৰা হৈছে।

ঘটনা সন্দৰ্ভত ইতিমধ্যেই এফ আই আৰ দাখিল কৰিছে মালিৱালে। ইয়াৰ পিছতে শুকুৰবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত উপস্থিত হয় দিল্লী আৰক্ষী। আৰক্ষীৰ দলটোত আছে ফৰেনছিক বিশেষজ্ঞ আৰু মহিলা বিষয়াও।

উল্লেখ্য যে দিল্লী সুৰা নীতিৰ গোচৰত অৰবিন্দ কেজৰিৱালে ১ জুনলৈকে উচ্চতম ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰিছে।

ঘটনাটোৰ সবিশেষ

১. আপ নেত্ৰী স্বাতী মালিৱালে চিভিল লাইনস্থিত দিল্লী মুখ্যমন্ত্ৰী আৱাসৰ ভিতৰত অৰবিন্দ কেজৰিৱালৰ সহযোগী বিভৱ কুমাৰে তেওঁৰ সৈতে মাৰপিট কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শুকুৰবাৰে বিয়লি মালিৱালৰ ৫২ ছেকেণ্ডৰ এটা মোবাইল ক্লিপ পোহৰলৈ আহে। ইয়াত বিভৱ কুমাৰে নিৰাপত্তাৰক্ষীৰ সৈতে তৰ্ক-বিতৰ্ক আৰু চিঞৰ-বাখৰ কৰা দেখা যায়। বিভৱে স্বাতী মালিৱালক মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা ওলাই যাবলৈ কোৱা পৰিলক্ষিত হয়।

২. এই ভিডিঅ’টোক লৈ মালিৱালেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ নিজৰ পোষ্টত ‘ৰাজনৈতিক হিটমেন’ৰ কথা উল্লেখ কৰিছিল। তেওঁ দাবী কৰে যে ‘হিটমেনে’ ‘তেওঁৰ মানুহ’ক এই সম্পৰ্কীয় ভিডিঅ’টো শ্বেয়াৰ কৰিবলৈ নিৰ্দেশ দিছিল।

কাৰো নাম নোলোৱাকৈ মালিৱালে কয়, ‘প্ৰতিবাৰৰ দৰেই এই ৰাজনৈতিক হিটমেনে নিজকে বচাবলৈ চেষ্টা আৰম্ভ কৰিছে। নিজৰ মানুহৰ দ্বাৰা টুইট কৰি কোনো প্ৰসংগ নোহোৱাকৈ ভিডিঅ’টো প্ৰচাৰ কৰি তেওঁ ভাবিছে যে এই অপৰাধ সংঘটিত কৰাৰ পিছত তেওঁ নিজকে বচাব পাৰিব।‘

৩. এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছে ১৩ মে’ত। প্ৰতিবেদন অনুসৰি, পুৱা ৯ বজাত মুখ্যমন্ত্ৰী গৃহত উপস্থিত হৈছিল স্বাতী মালিৱাল। অভিযোগ অনুসৰি বিভৱ কুমাৰে তেওঁৰ লগত অসৎ আচৰণ কৰিছিল। এই ঘটনাৰ তিনিদিন পিছত ১৬ মে’ত দিল্লী আৰক্ষীয়ে স্বাতী মালিৱালৰ ঘৰলৈ গৈ তেওঁৰ বক্তব্য লিপিবদ্ধ কৰে। স্বাতী মালিৱালৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে বিভৱ কুমাৰৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়।

৪. স্বাতী মালিৱালে তেওঁৰ এফআইআৰত উল্লেখ কৰা অনুসৰি বিভৱ কুমাৰে তেওঁৰ বুকু আৰু পেটত লাথ মাৰিছিল। স্বাতী মালিৱালে অভিযোগ কৰিছে যে বিভৱ কুমাৰে তেওঁক ৭-৮ বাৰ চৰ শোধাইছিল।

৫. বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত এইমছত স্বাস্থ্য পৰীক্ষা কৰোৱাইছিল স্বাতী মালিৱালৰ। শুকুৰবাৰে মালিৱালে তিছ হাজাৰী আদালতত দণ্ডাধীশৰ সন্মুখত নিজৰ বক্তব্য লিপিবদ্ধ কৰিছে।

Leave A Reply

Your email address will not be published.