ISHAN NEWS – Always One Step Ahead of Time…

নিয়ম উলংঘা; ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনক জৰিমনা

আই পি এলৰ চলিত সংস্কৰণৰ পইণ্ট তালিকাৰ শীৰ্ষ স্থানত থকা ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনক ১২ লাখ টকাৰ জৰমিনা বিহা হৈছে। বুধবাৰে গুজৰাট টাইটানছৰ বিৰুদ্ধে হৈ যোৱা মেচখনত শ্ল’ অভাৰ ৰেটৰ বাবে ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু ছেমছনক এই

ইতিহাসৰ সৰ্ববৃহৎ দুৰ্নীতিৰ গোচৰত চৰম শাস্তি এগৰাকী ধনাঢ্য মহিলাক

ইতিহাসৰ সৰ্ববৃহৎ দুৰ্নীতিৰ গোচৰত আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে ভিয়েটনামৰ এগৰাকী ধনাঢ্য মহিলাক। ২৭ বিলিয়ন ডলাৰৰ কেলেংকাৰী সন্দৰ্ভত যোৱা কেইবাদিনো ধৰি এই গোচৰৰ বিচাৰ চলি আছিল। গোচৰটোৰ তিনিজন নিৰ্বাচিত জুৰি আৰু দুজন ন্যায়াধীশৰ

ইজৰাইলৰ ভয়াৱহ আক্ৰমণত মৃত্যু হামাছৰ শীৰ্ষ নেতাৰ তিনি পুত্ৰ

ইজৰাইলৰ ভয়াৱহ আক্ৰমণত নিহত হৈছে হামাছৰ শীৰ্ষ নেতা ইছমাইল হানিয়াৰ তিনি পুত্ৰ। আল জাজিৰা নিউজ চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হানিয়াই কয় যে এখন গাড়ীৰে গৈ থকা অৱস্থাত ইজৰাইলে চলোৱা ড্ৰোন আক্ৰমণত তেওঁৰ তিনি পুত্ৰৰ লগতে পৰিয়ালৰ আন সদস্যৰ

ভয়ংকৰ দুৰ্ঘটনাত পতিত শিক্ষাৰ্থী কঢ়িওৱা বাহন; ৬ গৰাকী শিক্ষাৰ্থীৰ মৃত্যু

হাৰিয়ানাৰ নাৰনৌলত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। স্কুলীয়া শিক্ষাৰ্থীৰে ভৰা এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাত ৬ গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ লগতে ১৫টি শিশু গুৰুতৰভাৱে আহত হয়। নাৰনৌলৰ কীনিনাৰ উনহানী গাঁৱৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হোৱা

ডিভাইডাৰত খুন্দিয়াই ৰাজপথতে বাগৰিল SUV, এটা পৰিয়ালৰে চাৰিজনসহ ৫ জনৰ মৃত্যু

তামিলনাডুত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী এছ ইউ ভিয়ে ঘাইপথৰ ডিভাইডাৰত খুন্দা মৰাৰ ফলত ৫জন লোকৰ মৃত্যু হয়। মৃত লোকসকলৰ চাৰিজন একেটা পৰিয়ালৰ আছিল। বিৰুধুনগৰ-মাদুৰাই ঘাইপথত সংঘটিত হোৱা দুৰ্ঘটনাটোৰ চিচিটিভি ফুটেজ

আপত আন এক আঘাত; কেজৰিৱাল চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰীয়ে কৰিলে পদত্যাগ

দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ মন্ত্ৰী তথা আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা ৰাজকুমাৰ আনন্দই মন্ত্ৰী পদ আৰু দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছে। ৰাজকুমাৰ আনন্দে অৰবিন্দ কেজৰিৱাল চৰকাৰত সমাজ কল্যাণ মন্ত্ৰালয়ৰ দায়িত্বত আছিল। পদত্যাক

এটা মেকুৰীক বচাবলৈ গৈ মৃত্যুক সাৱটিলে ৫ জনকৈ লোকে

মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটা মেকুৰীৰ প্ৰাণ বচাবলৈ গৈ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল ৫ জনকৈ লোকে। ৰাজ্যখনৰ আহমেদ নগৰ জিলাৰ পৰা এই ঘটনাৰ খবৰ আহিছে। জানিব পৰা মতে, জিলাখনৰ নেভাছা নামৰ অঞ্চলত থকা এটা বায়’গেছৰ গাঁতত পৰি

৫০ ফুট দ’ গাতত বাগৰিল যাত্ৰীবাহী বাছ। ১২ জন যাত্ৰীৰ মৃত্যু

নিয়ন্ত্ৰণ হেৰুৱাই ৫০ ফুট দ গাঁতত বাগৰিল এখন যাত্ৰীবাহী বাছ। এই দুৰ্ঘটনাত ১২ জন যাত্ৰীৰ মৃত্যু হৈছে। ছত্তিশগড়ৰ দুৰ্গত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত ১৫জনতকৈ অধিক লোক আহত। সংকটজনক অৱস্থাত ১০ জন আহতক AIIMSত ভৰ্তি কৰোৱা হৈছে।

‘মুখ্যমন্ত্ৰীৰ বাবে কোনো পৃথক আইন নাই…’ : কেজৰিৱালে দাখিল কৰা আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ

দিল্লী সুৰা নীতি কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা মুখথেকেচা খাইছে। গ্ৰেপ্তাৰ আৰু জিম্মাৰ বিৰুদ্ধে দাখিল কৰা আবেদন নাকচ কৰিছে উচ্চ ন্যায়ালয়ে।

শুনানিৰ পূৰ্বেই ৰামদেৱ আৰু বালকৃষ্ণই সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত বিচাৰিলে ক্ষমা

সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানিৰ পূৰ্বেই ক্ষমা খুজিবলৈ বাধ্য হ’ল বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণই। বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ওচৰত বিনাচৰ্তে ক্ষমা বিচাৰিছে ৰামদেৱ আৰু বালকৃষ্ণই। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা