ISHAN NEWS – Always One Step Ahead of Time…

মোদী চৰকাৰৰ দিনত চীনে এক ইঞ্চিও মাটি দখল কৰিব নোৱাৰিলে : লখিমপুৰত অমিত শ্বাহৰ উদাত্ত ভাষণ

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ সময়ছোৱাত চুবুৰীয়া ৰাষ্ট্ৰ চীনে ভাৰতৰ এক ইঞ্চিও মাটি দখল কৰিব নোৱাৰে বুলি মঙলবাৰে দৃঢ়তাৰে মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে লখিমপুৰত আয়োজন কৰা এখন জনসভাত

ব্যতিক্ৰমী প্ৰচাৰ; চেণ্ডেলৰ মালা পিন্ধি ভোট ভিক্ষা এগৰাকী প্ৰাৰ্থীৰ

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। ভোটাৰ ৰাইজক আকৃষ্ট কৰিবলৈ শাসক-বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে অৱলম্বন কৰিছে ব্যতিক্ৰমী প্ৰচাৰ। প্ৰতিবাৰৰ দৰে এইবাৰো দেশৰ বিভিন্ন

বিৰাট কোহলী সন্দৰ্ভত মহান ক্ৰিকেটাৰ ব্ৰায়ান লাৰাৰ ডাঙৰ মন্তব্য

আই পি এলৰ চলিত ছিজনত সুন্দৰ ফৰ্মত থাকিলেও লেহেমীয়া ষ্ট্ৰাইক ৰেটৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী। কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে কোহলীক সমালোচনা কৰি থকাৰ মাজতে তেওঁৰ পক্ষত থিয় দিছে ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন মহান

হৃদয় বিদাৰক! যাত্ৰীবাহী বাহন বাগৰিল প্ৰায় ১৫০ ফুট দ’ খাৱৈত; ৭ নেপালী নাগৰিকসহ ৮ জনৰ মৃত্যু

উত্তৰাখণ্ডৰ নৈনিতাল জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। নৈনিতাল জিলাৰ বেতালঘাটৰ সমীপত এখন মেক্স গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ১৫০ ফুট দ’ খাৱৈত বাগৰি পৰাৰ ফলতেই এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়।

মৰ্মান্তিক ঘটনা ; পোহনীয়া হাতীৰ আক্ৰমণত মৃত্যু অসমৰ মাউতৰ।

পশ্চিম বংগত হাতীৰ আক্ৰমণত মৃত্যুক সাৱটিলে অসমৰ এজন মাউতে। পশ্চিমবংগৰ নদিয়াৰ মায়াপুৰৰ ইস্কনত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা।বিষ্ণুপ্ৰিয়া নামৰ বন্দী হাতী এজনীৰ আক্ৰমণৰ ফলত অসমৰ এজন মাউত নিহত হোৱাৰ লগতে আহত হয় আন এজন ব্যক্তি। ঘটনা

বিশ্বৰ কৰ্কট ৰাজধানী হিচাপে পৰিগণিত ভাৰতবৰ্ষ। THE LANCET JOURNALত প্ৰকাশ ভয়ংকৰ তথ্য

THE LANCET JOURNALত প্ৰকাশ পাইছে এক ভয়ংকৰ তথ্য। “বিশ্বৰ কৰ্কট ৰাজধানী”লৈ পৰিণত হৈছে ভাৰতবৰ্ষ। প্ৰতি বছৰেই এই ৰোগত লাখ লাখ লোক আক্ৰান্ত হয়।চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে এই ৰোগ নিৰাময় চিকিৎসাগতভাৱে সহজ হৈ পৰিল।কিন্তু এই ৰোগ ব্যয়বহুল

ৰাম মন্দিৰৰ প্ৰসংগৰে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ নবাড়াৰ কুন্তীনগৰ খেলপথাৰত বিজেপিৰ এখন বিশাল জনসভা সম্বোধন কৰে। জনসভাখনত প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডিয়া মিত্ৰজোঁটৰ দল কংগ্ৰেছ আৰু আৰজেডিক তীব্ৰ সমালোচনা কৰে। তিনি তালাক, ধাৰা ২৭০ বিলুপ্তি,

কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে দিল্লীত আপৰ এদিনীয়া অনশন

আম আদমি পাৰ্টী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰোধিতাত আজি দিল্লীৰ যন্তৰ-মন্তৰত দলটোৰ শীৰ্ষ নেতাসকলে এদিনীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে। দলটোৰ শীৰ্ষ নেতাসকলে জনোৱা অনুসৰি ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বিদেশত থকা

কাইলৈ ৭ মিনিট ১৪ ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী! কি কৰিব, কি নকৰিব?

৫০ বছৰৰ পিছত এক বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। ৮ এপ্ৰিল অৰ্থাত্ কাইলৈ ৭ মিনিট ১৪ ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। কাইলৈ বছৰটোৰ প্ৰথমটো আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ। ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা ৯ বাজি ১২ মিনিটত সূৰ্যগ্ৰহণ

গুজৰাট বিশ্ববিদ্যালয়ৰ ৭ আফগানী শিক্ষাৰ্থীক হোষ্টেল খালী কৰাৰ নিৰ্দেশ

গুজৰাট বিশ্ববিদ্যালয়ৰ হোষ্টেলত নামাজ পঢ়াক কেন্দ্ৰ কৰি বিদেশী ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা সংঘাতৰ পিছত ৭ গৰাকী আফগান ছাত্ৰক হোষ্টেল এৰিবলৈ নিৰ্দেশ দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ৭ জন ছাত্ৰৰ ভিতৰত ৫ জন ছাত্ৰই ইতিমধ্যে হোষ্টেল খালী কৰা বুলিও