ISHAN NEWS – Always One Step Ahead of Time…

বিজেপি নেতাৰ আত্মীয়ৰ ঘৰত বোমা বিস্ফোৰণ, কেইবাজনো লোক আহত

0 239

পশ্চিম বংগৰ বাছিৰহাট সমষ্টিত বিজেপি নেতাৰ আত্মীয়ৰ ঘৰত এক শক্তিশালী বোমা বিস্ফোৰণৰ ফলত কেইবাজনো লোক আহত হোৱা বুলি শনিবাৰে তৃণমূল কংগ্ৰেছে দাবী কৰে।

তৃণমূলৰ নেতা কুনাল ঘোষে দাবী কৰা মতে, হাছনাবাদ পঞ্চায়ত এলেকাত বিজেপি নেতা নিমাই দাসৰ এজন আত্মীয়ৰ ঘৰত সংঘটিত বিস্ফোৰণৰ ফলত কেইবাজনো লোক আহত হয়।

এই ঘটনাৰ তদন্তৰ বাবে চিবিআই বা এনএছজিয়ে কিয় হস্তক্ষেপ কৰিব নালাগে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।

ঘোষে দাবী কৰে যে গেৰুৱা শিবিৰৰ ৰাজহুৱা অনুষ্ঠানত বি এল সন্তোষৰ দৰে বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ সৈতে দাসক প্ৰায়ে দেখা গৈছিল।

‘এটা দুৰ্গম স্থানৰ ঘৰৰ পৰা আগ্নেয়াস্ত্ৰ উদ্ধাৰৰ নামত শুকুৰবাৰে একেটা বাছিৰহাট অঞ্চলৰ সন্দেশখালিত কেনেদৰে এন এছ জিৰ সৈতে চিবিআইয়ে নাটক কৰিছিল, সেই কথা সকলোৱে দেখিছে’, ঘোষে কয়।

তেওঁ অভিযোগ কৰে যে কালি সন্দেশখালি নাটকৰ অংশ হিচাপে এন এছ জি ব্যৱহাৰ কৰা হৈছিল বুলি উল্লেখ কৰি কয়, ‘আজি বিজেপি নেতাৰ এজন আত্মীয়ৰ ঘৰত বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাৰ তদন্তৰ বাবে চিবিআই বা এনএছজিয়ে কিয় হস্তক্ষেপ নকৰিব।’

‘আমি দাবী জনাইছো যে দাসক অনতিপলমে জেৰাৰ বাবে জিম্মাত লোৱা হওক’, ঘোষে কয়।

ইফালে এই বিস্ফোৰণ সন্দৰ্ভত আৰক্ষীয়ে দুজন লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.