ISHAN NEWS – Always One Step Ahead of Time…

মৰ্মান্তিক পথ দুৰ্ঘটনা; দুখন বাইকৰ সংঘৰ্ষত ৩ জন লোকে হেৰুৱালে প্ৰাণ

0 996

বিহাৰৰ বেগুছৰাইত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন লোকৰ কৰুণ মৃত্যু হৈছে। এই দুৰ্ঘটনাত আন এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। মুফাছিল থানাৰ অন্তৰ্গত ৫৫ নং ৰাজ্যিক ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হৈছে।

জানিব পৰা অনুসৰি দুখন বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ পিছতে দাউদাউকৈ জ্বলি উঠিছিল এখন বাইক যাৰ বাবে বাইকখনত থকা লোকসকল জুইত আবদ্ধ হৈ পৰে।

এই ঘটনাত থিতাতে অগ্নিদগ্ধ হৈ তিনিজন লোকৰ মৃত্যু হয়। আন এজন গুৰুতৰভাৱে আহত হয় আৰু তেওঁ বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইফালে বিহাৰৰ পশ্চিম চম্পাৰণ জিলাৰ মাঝাউলী আৰক্ষী থানা এলেকাত বিবাহযাত্ৰী কঢ়িওৱা এখন জীপৰ সৈতে হোৱা ট্ৰাকৰ সংঘৰ্ষত তিনিজন লোকৰ মৃত্যু হয়।

এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।

Leave A Reply

Your email address will not be published.