ISHAN NEWS – Always One Step Ahead of Time…

জেইলৰ ভিতৰত কেনে আছে অৰবিন্দ কেজৰিৱাল? চিকিৎসকে জনালে সবিশেষ…

0 218

আদালতৰ নিৰ্দেশত গঠন হোৱা পাঁচজনীয়া মেডিকেল ব’ৰ্ডে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইনচুলিনৰ কম মাত্ৰা অব্যাহত ৰাখিবলৈ কয়। ব’ৰ্ডৰ পৰ্যালোচনাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।

আদালতৰ নিৰ্দেশত গঠন হোৱা ব’ৰ্ডত আছে এজন এণ্ডক্ৰাইন’লজিষ্ট আৰু এজন ডায়েবেটিছ বিশেষজ্ঞ। ভাৰ্চুৱেল-কনফাৰেন্সৰ পিছত ব’ৰ্ডে ৰায় দিয়ে যে অৰবিন্দ কেজৰিৱাল সুস্থ আৰু তেওঁক দিয়া ঔষধৰ মাত্ৰা সলনি কৰাৰ প্ৰয়োজন নাই।

পাঁচজনীয়া মেডিকেল ব’ৰ্ডৰ পৰৱৰ্তী পৰ্যালোচনা বৈঠক সাত দিনৰ মূৰত অনুষ্ঠিত হ’ব।

সোমবাৰে সন্ধিয়া কেজৰিৱালক প্ৰথম ড’জ ইনচুলিন দিয়া হৈছিল, সেই সময়ত তেওঁৰ চেনিৰ মাত্ৰা ২১৭ লৈ বৃদ্ধি পাইছিল। পিছদিনা গঠন কৰা মেডিকেল ব’ৰ্ডে পাঁচ দিনৰ বাবে ড’জ অব্যাহত ৰাখিবলৈ পৰামৰ্শ দিয়ে।

দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ পূৰ্বে তেওঁক দিনটোত দুবাৰকৈ কম মাত্ৰাৰ ইনচুলিন দিয়া হৈছে আৰু পৰৱৰ্তী পৰ্যালোচনা বৈঠকলৈকে এই কাম চলি থাকিব।

উল্লেখ্য যে, দিল্লী সুৰা কেলেংকাৰীৰ অভিযোগত ২১ মাৰ্চত ইডিয়ে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ জেইলত আছে।

Leave A Reply

Your email address will not be published.