ISHAN NEWS – Always One Step Ahead of Time…

কম বয়সতেই পৃথিৱী এৰি গুচি গ’ল জনপ্ৰিয় অভিনেত্ৰী অমৃতা; শোকস্তব্ধ অনুৰাগী

0 30,829

শনিবাৰে বিহাৰৰ ভাগলপুৰৰ নিজৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ হয় ভোজপুৰী অভিনেত্ৰী অমৃতা পাণ্ডেক। প্ৰাপ্ত খবৰ অনুসৰি নিজৰ ঘৰৰ ভিতৰৰ চিলিঙত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় অভিনেত্ৰীগৰাকীৰ মৃতদেহ।

তেওঁৰ বাসগৃহৰ পৰা কোনো ধৰণৰ চুইচাইড নোট উদ্ধাৰ হোৱা নাই যদিও প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে তেওঁৰ মৃত্যুৰ কেইঘণ্টামান পূৰ্বে ছ’চিয়েল মিডিয়াত এটা ৰহস্যময় প’ষ্ট শ্বেয়াৰ কৰিছিল।

খবৰ অনুসৰি অমৃতাই প্ৰথমে স্বামীৰ সৈতে মুম্বাইত বাস কৰিছিল যদিও শেহতীয়াকৈ ভাগলপুৰত আত্মীয়ৰ এখন বিয়াৰ বাবে আহি ইয়াতেই কিছুদিন থকাৰ সিদ্ধান্ত লৈছিল।

আৰক্ষীৰ প্ৰতিবেদন অনুসৰি হোৱাটছএপত অমৃতাৰ নোটত লিখা আছিল, ‘কিউ দো নাও পৰ সৱাৰ থি উস্কি জিন্দেগী, হামনে নাও ডুবাকৰ উস্কা ছফৰ আছান কৰ দিয়া…’

অভিনেত্ৰীগৰাকীৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, তেওঁ দীৰ্ঘদিন ধৰি মানসিক অস্থিৰতাত ভুগি আছিল আৰু ইয়াৰ চিকিসাও গ্ৰহণ কৰি আছিল।

ইফালে তদন্তকাৰী আৰক্ষীয়েও এই আত্মহত্যাৰ কাৰণ হতাশা বুলি সন্দেহ প্ৰকাশ কৰিছে। 

Leave A Reply

Your email address will not be published.