ISHAN NEWS – Always One Step Ahead of Time…

তৃণমূলৰ দুটা গোটৰ মাজত প্ৰচণ্ড সংঘাত; এজন কৰ্মীৰ মৃত্যু

0 89

পশ্চিমবংগৰ কলকাতাৰ বাগুইআটী অঞ্চলত তৃণমূল কংগ্ৰেছৰ দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষত এজন লোকৰ মৃত্যু হয়। শনিবাৰে নিশা অৰ্জুনপুৰ পশ্চিম পাৰাত সংঘটিত হয় এই সংঘৰ্ষ।

দুয়োটা গোটৰ মাজত হোৱা শিলগুটি নিক্ষেপৰ ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হয়। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। নিহত লোকজনৰ নাম সঞ্জীৱ দাস ওৰফে পোটলা।

ইফালে আৰক্ষীয়ে জনোৱা মতে, সঞ্জয় দাস নামৰ এজন লোকৰ বিৰুদ্ধে অস্ত্ৰ আইন সম্পৰ্কীয় ১১টা গোচৰ ৰুজু কৰা হৈছে।

এই ঘটনাত ১৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান এই গোচৰৰ তদন্ত চলি থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ঘটনাৰ আঁৰত স্থানীয় কাউন্সিলাৰৰ হৈ কাম কৰা তৃণমূলৰ কৰ্মীসকল জড়িত থকাৰ অভিযোগ মৃতকৰ পৰিয়ালৰ। পৰিয়ালৰ লোকে দাবী কৰা অনুসৰি, মৃত লোকজনক ৰডেৰে প্ৰহাৰ কৰা হৈছিল।

আন এক ঘটনাত দক্ষিণ কলকাতাৰ আনন্দপুৰত টিএমচি কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এগৰাকী মহিলা বিজেপি নেত্ৰীয়ে। তেওঁ টিএমচিৰ কৰ্মীসকলৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। চোকা অস্ত্ৰৰে আক্ৰমণ কৰা বুলিও দাবী কৰে বিজেপি নেতাগৰাকীয়ে।

দলৰ আন কৰ্মীসকলৰ সৈতে নিৰ্বাচনী বেনাৰ আৰু পোষ্টাৰ লগোৱাৰ সময়তে এই আক্ৰমণ সংঘটিত হোৱা বুলি কয় বিজেপি নেত্ৰীগৰাকীয়ে। উল্লেখ্য যে ১ জুনত কলকাতাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.