ISHAN NEWS – Always One Step Ahead of Time…

দিল্লী কেপিটেলছত মোক্ষম আঘাত; কলকাতাৰ বিৰুদ্ধে খেলিব নোৱাৰিব এই দুগৰাকী খেলুৱৈয়ে

0 1,725

দহখন মেচৰ ৫খন মেচত জয়লাভ কৰা দিল্লী কেপিটেলছৰ শিবিৰত মোক্ষম আঘাত। মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে জয়লাভ কৰি প্লে অফলৈ যোগ্যতা অৰ্জনৰ আশা সজীৱ কৰি ৰখা দিল্লীৰ দুজনকৈ মুখ্য খেলুৱৈৰ আঘাতে চিন্তাত পেলাইছে দলটোক।

দিল্লীয়ে পৰৱৰ্তী মেচখনত মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে। এই মেচখনত খেলিব নোৱাৰিব দলটোৰ দুগৰাকী তাৰকা ক্ৰিকেটাৰে।

দিল্লী কেপিটেলছৰ সহকাৰী প্ৰশিক্ষক প্ৰবীণ আমৰেই নিশ্চিত কৰিছে যে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলখনত অংশগ্ৰহণ নকৰে তাৰকা অ’পেনাৰ ডেভিড ৱাৰ্নাৰ আৰু অভিজ্ঞ বেগী বলাৰ ঈশান্ত শৰ্মাই। দুয়োৰে সুস্থ হ’বলৈ আৰু এসপ্তাহ লাগিব।

উল্লেখ্য যে, আঘাতৰ বাবে একেৰাহে চতুৰ্থখন মেচত অংশ ল’ব নোৱাৰিব ডেভিড ৱাৰ্নাৰে। বুঢ়া আঙুলিৰ আঘাতৰ বাবে খেলিব পৰা নাছিল শেষৰ তিনিখন মেচ।

আনহাতে পিঠিৰ আঘাতত ভুগিছে ​​ঈশান্ত শৰ্মা। অহা সপ্তাহত দুয়োগৰাকী খেলুৱৈয়ে সম্পূৰ্ণ ফিট হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে দুয়োজনে কেকেআৰৰ বিৰুদ্ধে খেলিব নোৱাৰিব সেয়া স্পষ্ট।

ইফালে চলিত ছিজনত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা পৃথ্বী শ্ব’ৱেও মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে মেচখনত খেলিব পৰা নাছিল। মেচৰ পূৰ্বে তেওঁ কিছু সমস্যাত ভুগিছিল। অৱশ্যে কেকেআৰৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনত শ্ব’ক খেলা দেখা যাব বুলি নিশ্চিত কৰিছে দলীয় মেনেজমেণ্টে।

Leave A Reply

Your email address will not be published.