ISHAN NEWS – Always One Step Ahead of Time…

নিৰ্বাচনী দায়িত্ব সামৰি উভতাৰ পথত দুৰ্ঘটনা; দুজন সুৰক্ষা কৰ্মী নিহত, ৬ জনৰ অৱস্থা সংকটজনক

0 532

বিহাৰৰ গোপালগঞ্জত সংঘটিত হৈছে এক মৰ্মান্তিক পথ দুৰ্ঘটনা। নিৰ্বাচনী কৰ্তব্যৰ পৰা উভতি আহি থকা এখন আৰক্ষী বাছ আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত দুজন জোৱানৰ মৃত্যু হয়।

এই দুৰ্ঘটনাত আহত হোৱা ৬ জন জোৱানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। সিধৱলীয়া অঞ্চলৰ বৰহিমা চ’কৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

নিহত কেইজনৰ ভিতৰত আছে বাছ চালক সুৰেশ ওৰাওন আৰু কনিষ্টবল পৱন মহটো।

এই ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক স্বৰ্ণ প্ৰভাতে কয় যে জিলা আৰক্ষী জোৱানসকল সুপৌল জিলাত লোকসভা নিৰ্বাচনী কৰ্তব্যৰ বাবে বাছেৰে গৈ আছিল। এই সময়ছোৱাত বাছ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ হয়। য’ত ২ জন লোকৰ মৃত্যু হয়। আনহাতে ৬ জোৱান আহত হৈছে। যিসকলক সদৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইয়াৰে দুজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.