ISHAN NEWS – Always One Step Ahead of Time…

মুম্বাইৰ পৰা পলায়ন কৰা অভিনেতা চাহিল খানক ছত্তীশগড়ৰ পৰা গ্ৰেপ্তাৰ

0 263

মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ এছ আই টিয়ে গ্ৰেপ্তাৰ কৰিছে অভিনেতা চাহিল খানক। অভিনেতা খানক ছত্তীশগড়ৰ জগদালপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে। তথ্য অনুসৰি চাহিল খানৰ বিৰুদ্ধে অনলাইন বেটিং চাইট চলোৱা আৰু জুৱাৰ প্ৰচাৰৰ অভিযোগ উত্থাপন হৈছে।

মহাদেৱ বেটিং এপ গোচৰৰ তদন্তত অভিনেতা চাহিল খানৰ নাম আহিছিল।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বম্বে উচ্চ ন্যায়ালয়ৰ পৰা আগতীয়াকৈ জামিন আৰু গ্ৰেপ্তাৰৰ পৰা সকাহ নোপোৱাত চাহিল খানে মুম্বাইৰ পৰা পলায়ন কৰিছিল। পলায়নৰ প্ৰায় ৪০ ঘন্টাৰ পিছত আৰক্ষীয়ে চাহিলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে মহাদেৱ বেটিং এপৰ ​​গোচৰৰ তদন্তৰ বাবে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই গঠন কৰা বিশেষ তদন্তকাৰী দলে অভিনেতা চাহিল খানক চাৰি ঘণ্টাৰো অধিক সময় ধৰি জেৰা কৰিছিল।

Leave A Reply

Your email address will not be published.