ISHAN NEWS – Always One Step Ahead of Time…

ৰাম মন্দিৰ দৰ্শনলৈ যোৱা বাহন দুৰ্ঘটনাত পতিত; দুজন ভক্তৰ মৃত্যু, আহত ১০

0 1,824

অযোধ্যাস্থিত ৰাম মন্দিৰ দৰ্শন কৰিবলৈ যোৱা এখন ভক্তৰে ভৰা বাহন দুৰ্ঘটনাত পতিত হৈ এগৰাকী মহিলাকে ধৰি মুঠ দুজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।

এখন তীব্ৰবেগী ট্ৰাকে খুন্দিওৱাৰ ফলত সংঘটিত এই কৰুণ দুৰ্ঘটনাটোত আহত হয় আন ১০ জন লোক। মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আহতসকলক চিকিৎসাৰ বাবে তিৰভা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে, গোৱালিয়ৰৰ পৰা অযোধ্যাস্থিত ৰাম মন্দিৰ দৰ্শনৰ বাবে আহি থকা ভক্তসকলৰ বাহনখনক পিছফালৰ পৰা এখন ট্ৰাকে প্ৰচণ্ড জোৰত খুন্দিয়াই। ট্ৰাকখনৰ খুন্দাত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ডিভাডাৰত খুন্দিয়াই বাগৰি পৰে।

শনিবাৰে পুৱা সংঘটিত দুৰ্ঘটনাটোত মুম্বাই নিবাসী অৰুণ আৰু শোভা নামৰ দুজনৰ থিতাতে মৃত্যু হয়।

আহত লোকসকলক তালগ্ৰাম আৰক্ষী আৰু উদ্ধাৰকাৰী দলে এম্বুলেন্সৰ সহায়ত তেওঁলোকক তিৰভা মেডিকেল কলেজত ভৰ্তি কৰোৱায়। ভক্তসকল মুম্বাই, গোৱালিয়ৰ আৰু কৰ্ণাটকৰ বাসিন্দা বুলি জনাইছে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.