ISHAN NEWS – Always One Step Ahead of Time…

বায়ুসেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ; এজন জোৱানৰ মৃত্যু, ৪ জন আহত

0 147

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত ভাৰতীয় বায়ুসেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত এজন জোৱানৰ মৃত্যু হোৱাৰ বিপৰীতে ৫ জন জোৱান গুৰুতৰভাৱে আহত হয়।

শনিবাৰে বিয়লি প্ৰায় ৬.১৫ বজাত নিৰাপত্তাৰক্ষীৰ এটা দলে নিজৰ ঘাটিলৈ উভতি আহি থকা অৱস্থাত তেওঁলোকৰ বাহনত সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰা বুলি শীৰ্ষ বিষয়াসকলে জনায়।

বিষয়াসকলে জনোৱা মতে, সুৰনকোটৰ ছানাই গাঁৱত সন্ত্ৰাসবাদীয়ে চলোৱা গুলীচালনাত প্ৰথমে পাঁচজন জোৱান আহত হয়। লগে লগে আহত জোৱানসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও ইয়াৰে এজন জোৱানৰ চিকিসালয়ত মৃত্যু ঘটে।

এই ভয়ংকৰ আক্ৰমণৰ তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থললৈ সেনা-আৰক্ষী জোৱান প্ৰেৰণ কৰা হয়।

নিৰাপত্তা বাহিনীৰ এগৰাকী বিষয়াই জনোৱা মতে, স্থানীয় ৰাষ্ট্ৰীয় ৰাইফলছ ইউনিটে অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান অব্যাহত ৰাখিছে। শ্বাহচিতাৰৰ সমীপৰ বিমান ঘাটিৰ ভিতৰত সুৰক্ষিত কৰি ৰখা হৈছে কনভয়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

উল্লেখ্য যে, যোৱা বছৰ সেনাবাহিনীৰ ওপৰত ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদী আক্ৰমণৰ সাক্ষী হোৱা অঞ্চলটোত এই বছৰ সশস্ত্ৰ বাহিনীৰ ওপৰত এইটোৱে প্ৰথমটো বৃহৎ আক্ৰমণ।

Leave A Reply

Your email address will not be published.